◐ Shell
reader mode source ↗
সমললৈ যাওক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০১১১২১৩
১৪১৫১৬১৭১৮১৯২০
২১২২২৩২৪২৫২৬২৭
২৮২৯৩০  

১ জুন (ইংৰাজী: 1 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫২তম (অধিবৰ্ষত ১৫৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১৩টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

উল্লেখযোগ্য ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৮৩১ – জেমছ ক্লাৰ্ক উত্তৰ চুম্বকীয় মেৰুত খোজ দিয়া প্ৰথমজন ইউৰোপীয় হিচাপে পৰিগণিত হয়।
  • ১৯৩০ – ভাৰতৰ প্ৰথমখন ডিলাক্স ৰে’ল ডেকান কুইন বম্বে ভিটিৰ পৰা পুনেলৈ চলিছিল।
  • ১৯৬৫ – জাপানৰ ফুক’কা অঞ্চলত কয়লা খনি বিস্ফোৰণত প্ৰায় ২৫০ জন লোকৰ মৃত্যু হয়।
  • ১৯৬৯ – ধঁপাতজাতীয় সামগ্ৰী আৰু আনুষংগিক বিজ্ঞাপন কানাডাত ৰেডিঅ’ আৰু টিভিত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হয়।
  • ১৯৭৯ – ৰোডেছিয়াত ৯০ বছৰ সংখ্যালঘু বগা শাসনৰ অন্তত ঘোষণা কৰা হয় যে দেশখন এতিয়া জিম্বাবুৱে নামেৰে পৰিচিত হ’ব।
  • ১৯৮০ – কেবল নিউজ নেটৱৰ্ক টেলিভিছন নেটৱৰ্কে প্ৰথমবাৰৰ বাবে সম্প্ৰচাৰ আৰম্ভ কৰে।
  • ১৯৯২ – ভাৰত আৰু ইজৰাইলৰ মাজত বিমান চুক্তি স্বাক্ষৰিত হয়।
  • ১৯৯৬ – এইচ ডি দেৱ গৌড়া ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী হয়।
  • ২০০১ – নেপালৰ ৰাজকীয় হত্যাকাণ্ড : নেপালৰ ৰাজকুমাৰ দীপেন্দ্ৰই পিতৃ-মাতৃকে ধৰি পৰিয়ালৰ কেইবাজনো সদস্যক গুলীয়াই হত্যা কৰে।
  • ২০০৮ – আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাৰাক ওবামাই চিকাগোৰ ট্ৰিনিটি ইউনাইটেড চাৰ্চৰ পৰা পদত্যাগ কৰে।
  • ২০১০ – মধ্য আমেৰিকাত গুৱেটামালাৰ প্ৰশান্ত মহাসাগৰৰ পৰা অহা ক্ৰান্তীয় ধুমুহা আগাথাত ১৫০ জন লোকৰ মৃত্যু হয়।
  • ২০১১ – ২৫বাৰ সফল উৰণৰ পিছত মহাকাশযান এণ্ডেভাৰে চূড়ান্ত অৱতৰণ সম্পন্ন কৰে।
  • ২০১৪ – নাইজেৰিয়াৰ এখন ফুটবল খেলপথাৰত হোৱা বিস্ফোৰণত ৪০ জন লোকে প্ৰাণ হেৰুৱাইছিল।
  • ১৫৬৩ – ৰবাৰ্ট চেচিল এজন ইংৰাজ ৰাষ্ট্ৰনেতা। ১৯৩৭ চনত ৰবাৰ্ট চেচিলক নোবেল বঁটা প্ৰদান কৰা হয়
  • ১৮৪২ - সত্যেন্দ্ৰনাথ ঠাকুৰ লেখক, সুৰকাৰ, ভাষাবিদ ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বিতীয় জ্যেষ্ঠ ভাতৃ। ব্ৰিটিছ ৰাজৰ সময়ত ভাৰতীয় সমাজত নাৰীৰ মুক্তিৰ দিশত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।
  • ১৯২৯ - নাৰ্গিছ দত্ত, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ।
  • ১৯২৬ - মেৰিলিন মন্‌ৰ' এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু মডেল । (মৃত্য়ুঃ ০৪/০৮/১৯৬২)
  • ১৯৩৬ - নীলপৱন বৰুৱা, খ্যাতনামা চিত্ৰশিল্পী।
  • ১৯৪১ – গগনচন্দ্ৰ অধিকাৰী, অসমীয়া ভাষাৰ শিশু সাহিত্যিক।
  • ১৯৫০ - অশোক কুমাৰ, ভাৰতীয় প্ৰাক্তন পেছাদাৰী ফিল্ড হকী খেলুৱৈ আৰু ভাৰতীয় হকী খেলুৱৈ ধ্যান চান্দৰ পুত্ৰ।
  • ১৯৭৫ - কৰ্ণম মালেশ্বৰী, ভাৰতীয় ভাৰোত্তোলক।
  • ১৯৭৯ - সুমন হৰিপ্ৰিয়া, অসমীয়া চলচ্চিত্ৰ নিৰ্দেশক, প্ৰযোজক আৰু ৰাজনীতিবিদ।
  • ১৯৮৫ - দীনেশ কাৰ্তিক, ভাৰতীয় আন্তৰ্জাতিক ক্ৰিকেটাৰ।
  • ১৮৩০ - স্বামীনাৰায়ণ, সাহাজানন্দ স্বামী নামেৰেও জনাজাত এজন যোগী আৰু তপস্বী আছিল যাৰ জীৱন আৰু শিক্ষাই কেন্দ্ৰীয় হিন্দু ধৰ্ম, অহিংসা আৰু ব্ৰহ্মচাৰ্যৰ অনুশীলনৰ পুনৰুজ্জীৱন ঘটায়।
  • ১৮৪২ - শিক্ষাবিদ ডেভিড হেয়াৰ।
  • ১৯৬৮ - হেলেন কেলাৰ, মাৰ্কিন মানৱতাবাদী, লেখিকা আৰু ৰাজনৈতিক কৰ্মী। উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী। (জন্মঃ ২৭/০৬/১৮৮০)
  • ১৯৮১ - নাৰ্গিছ দত্ত, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৮৪ - নানা পালশীকাৰ, এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা যিয়ে ৮০ খনতকৈও অধিক হিন্দী ছবিত অভিনয় কৰিছিল।
  • ১৯৯৬ - নীলম সঞ্জীৱ ৰেড্ডী, ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি।
  • ২০০৪ - নিৰ্মলপ্ৰভা বৰদলৈ, অসমীয়া সাহিত্যক তথা গীতিকাৰ।
  • ২০০৭ - ৰামৰাও কৃষ্ণৰাও পাটিল, ভাৰতীয় গান্ধীবাদী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামী।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]